কচুৱা তিনিআলিত প্ৰশাসনৰ উচ্ছেদ অভিযান

 12/23/2021 - 13:53
 
কামপুৰঃ কচুৱাৰ তিনিআলিত প্ৰশাসনৰ উচ্ছেদ অভিযান। উল্লেখ্য যে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোনাৰুগুৰি কিচামৰ ১৫১ আৰু ১৫২ দাগৰ ১৬ নং পট্টাৰ সাত বিঘাত অধিক মাটি নুৰুলৰ নামৰ এজন লোকৰ নেতৃত্বত ইছমাইল আলী, ইচৰাহীল আলী আৰু আলী আহমেদে উত্তম ভৌমিকৰ নামত থকা ভুমি দখল কৰে। এই লৈ দুয়ো পক্ষৰ মাজত 2004 চনৰ পৰা আইনী বিবাদ চলি আছিল আৰু আজি আইনৰ  সহায় লৈ উচ্ছেদ অভিযান চলাই ভূমি পুনৰ উদ্ধাৰ কৰে উত্তম ভৌমিকে। প্ৰশাসনৰ এই উচ্ছেদ অভিযান দণ্ডাধিশ; আৰক্ষী ;কামপুৰ ৰাজহচক্ৰৰ লাট মণ্ডল সকলৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।