12/23/2021 - 14:57
in
সৰুপথাৰঃ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট হালধিবাৰী এম ই স্কুল প্ৰাংগনত ধনশিৰি চাওঁতাল মণ্ডল আৰু চাওঁতাল ছাত্ৰ সন্থাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে চাঁওতাল ভাষা মান্যতা দিৱস উদযাপন কৰে।
এই দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে পতাকা উত্তোলন, শ্বহীদ তৰ্পন আৰু এক বিশাল শুভাযাত্ৰা কৰে। শুভাযাত্ৰাত যুৱক-যুৱতী, বৃদ্ধ-বনিতা সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ঢোল-মৃদঙৰ তালে তালে চাওঁতাল জনগোষ্ঠীয় নৃত্য কৰি এক আকৰ্ষণীয় পৰিৱেশৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত তেওঁলোক চাঁওতাল ভাষাক সম্পসাৰিত কৰাৰ লক্ষৰে এক মুকলি সভাৰ আয়োজন কৰে।
চাঁওতাল ছাত্ৰ সন্থাৰ সম্পাদক লক্ষীনাথ হেমৰমে এই দিৱস উদযাপন কৰা থলীৰ পৰাই চাওঁতাল ভাষাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে পাঠ্যপুথিত সন্নিবিষ্ট কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনোৱাৰ লগতে তেওঁলোকৰ জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবলৈ দাবী জনায়।