12/25/2021 - 19:40
in
মৈৰাবাৰীঃ আজি ভাৰতৰত্ন তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ ৯৭ তম জন্মতিথি উপলক্ষে মৈৰাবাৰীত পদপথৰ দুখীয়া মানুহ সকলৰ মাজত আহাৰৰ আয়োজন কৰে মৈৰাবাৰী বিজেপি মণ্ডলে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী দেৱৰ ৯৭ তম জন্মতিথিৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় ভোজমেল। মৈৰাবাৰী মণ্ডল বিজেপিৰ সদস্য সকলৰ উদ্যোগত আয়োজন কৰা হয় এই ভোজমেল। উল্লেখযোগ্য যে মৈৰাবাৰীৰ বিজিপি দলৰ মন্ডল কমিটীৰ সভানেত্ৰী আফিয়া বেগমৰ নেতৃত্বত আয়োজন কৰা এই ভোজমেলৰ পাছত ইছলামিক নীতিৰে সমূহীয়া দুৱাৰো আয়োজন কৰে মৈৰাবাৰী মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলে।