ডিব্ৰুগড়ত আছু কৰ্মীক মাৰপিট আৰক্ষীৰঃ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ৩৬ ঘণ্টা বন্ধ ঘোষণা আছুৰ

 12/26/2021 - 12:03
 
 
ডুমডুমাঃ শনিবাৰে ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হোৱা সংঘৰ্ষই পৰৱৰ্তী সময়ত অন্য ৰূপ লৈ উজনি অসমৰ দুখন জিলা উত্তপ্ত কৰি তুলিছে| মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত আছু আৰু ABVP ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়| সংঘৰ্ষ নিষ্পতি কৰিবলৈ যোৱা আছুৰ এগৰাকী জ্যেষ্ঠ নেতাক ABVP ৰ কৰ্মীয়ে চোকা অস্ত্ৰৰে আকস্মিকভাৱে আক্ৰমণ কৰাত নেতা গৰাকীয়ে গুৰুতৰভাৱে আহত হয়|
 
পৰৱৰ্তী সময়ত সংঘৰ্ষ নিষ্পতি হয় যদিও আবেলি ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষ চৈতাঙ্গ মিশ্ৰাৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীৰ এটা দলে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয় 'ছহিদ ভৱন'ত প্ৰবেশ কৰি কাৰ্য্যালয়ত থকা 15 গৰাকী আছু কৰ্মীক গুৰুলা গুৰুলকৈ মাৰপিট কৰি থানালৈ লৈ আহে| এই ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আছু কৰ্মীসকলে আৰক্ষীৰ এনে বৰ্বৰ কাণ্ডক তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে আজি পুৱা 6 বজাৰ পৰা জিলা দুখন 36 ঘণ্টা বন্ধৰ আহ্বান জনাইছে| আছুৰ বন্ধ আহ্বানৰ ফলত জিলা দুখনত দুই এখন ব্যক্তিগত বাহন আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে ৰাজপথত কোনো ধৰণৰ বাহনৰ চলাচলা হোৱা পৰিলক্ষিত হোৱা নাই| ডুমডুমাত আছুয়ে মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ কৰে| উল্লেখযোগ্য যে মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আৰক্ষীয়ে আছু কৰ্মীৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলোৱা বুলি আছুয়ে গুৰুতৰ অভিযোগ আনি জিলা দুখনৰ ৰাজপথত মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰা দেখা গৈছে আছুক| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।