12/26/2021 - 13:52
in
গহপুৰঃ আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ৪৪ তম প্রতিষ্ঠা দিৱস ১৯৭৬ চনৰ ২৬ ডিচেম্বৰৰ দিনটোতেই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ জন্ম হৈছিল| অৱশ্যে, তাৰ আগৰ পৰাই অসমত গোৰ্খা ছাত্ৰ সংগঠন সমূহে কাম কৰি আহিছিল| ১৯৪৬ চনৰ ১৩ নবেম্বৰ তাৰিখে তেজপুৰ গোৰ্খা ছাত্ৰ সন্থাৰ জন্ম হৈছিল|
১৯৫২ চনত দৰং জিলা গোৰ্খা ছাত্ৰ সন্থা আবিৰ্ভাৱ হৈছিল| ১৯৬৭-৭৮ চনতেই হাফলং গোৰ্খা ছাত্ৰ সন্থা জন্ম হোৱা গম পোৱা যায়| কিন্তু, ৰাজ্য ভিত্তিক সংগঠন হিচাপে ১৯৭৬ চনতেই All Assam Gorkha Students Union ৰ জন্ম হয়।
আজি ৪৪ তম প্রতিষ্ঠা দিৱস উপলক্ষে আগছু বেগীজান আঞ্চলিক সমিতিয়ে উদযাপন কৰে লগতে পতাকা উত্তোলন শ্বহীদ তৰ্পন বৃক্ষ ৰোপণ কাৰ্যসূচী হাতত লয় লগতে কাৰ্যসূচী উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক নুমাল বাচকটা, জিলা উপদেষ্টা ৰাম কুমাৰ প্ৰধাম জিলা সাস্কৃতিক সম্পাদিকা কামনা প্ৰধাম, গণেশ প্ৰধান, নেপলালি সাহিত্য সভা সভাপতি কাৰণ নেবাৰ, লেখনাথ মিশ্ৰ,কৰি বহুত গানিয়ামনীয় ব্যক্তি উপস্থিত থাকে।