বছৰটোৰ শেষৰটো দেওবাৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানতো সোঁত বৈছে বনভোজ প্ৰেমীৰ

 12/26/2021 - 16:57
 
 
শালবাৰীঃ সমান্তৰালকৈ বনভোজস্থলী সমূহলৈ সোঁত বৈছে বনভোজ প্ৰেমীৰ৷ ৰাজ্যৰ বিভিন্ন বনভোজস্থলীৰ সমান্তৰালকৈ যথেষ্ট বনভোজপ্ৰেমীৰ আগমণ ঘটিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীলৈ৷ বছৰটোৰ শেষৰটো দেওবাৰত বিৰ দি বাট নোপোৱা অৱস্থা হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজপ্ৰেমীয়ে হাঁহে মাহে এসাজ তৃপ্তিৰে খাই মতলীয়া হৈ পৰিছে আনন্দত৷ গানৰ তালে তালে ককাল ঘুৰাই নাচি আনন্দ-স্ফূৰ্তিৰে পুৰণিক বিদায় দি আদৰিবলৈ লৈছে নৱবৰ্ষক৷ ভূটানৰ পৰা বৈ অহা বেঁকী নৈখনে বনভোজস্থলীখনৰ সৌন্দৰ্যত যেন সোণত সুৱগা চৰাইছে৷ মুঠৰ ওপৰত পুৰণিক বিদায় দি নৱবৰ্ষক আদৰিবলৈ যথেষ্ট বনভোজপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।