গহপুৰ: ঝাৰখণ্ডৰ ডুমকাৰ কটহলীয়া গাঁৱত মাওবাদীৰে হোৱা আক্ৰমণৰ ফলত অসমৰ গহপুৰৰ কাউৰী পথাৰৰ কাৰিবিল নেপালী পথাৰৰ যুৱক তথা এচএচবি জোৱান নিৰজ চেত্ৰীয়ে মৃত্যুক আকোৱালি ল'ব লগা হোৱা ঘটনাই অসমৰ লগতে সমগ্ৰ গহপুৰ অঞ্চলৰ ৰাইজৰ মাজত কান্দোনৰ ৰোল উঠিছে। মঙলবাৰে জন্মস্থানত তথা নিজ বাসগৃহত নশ্বৰ দেহ আহি উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ জনতাই শেষবাৰৰ বাবে নিৰজৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেত যাতে সকলোৰে মাজত অমৰ হৈ ৰয় তাৰেই কামনা কৰে।
সম্পূৰ্ণ সামৰিক মৰ্যদাৰে মঙলবাৰে নিৰজৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্য সম্পূৰ্ণ কৰাৰ শেষত ছহিদ নিৰজ ছেত্ৰীৰ পিতৃয়ে শোকৰ মাজত থাকিও সগৌৰৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চৰকাৰে বিছাৰিলে তেখেতৰ জ্যেষ্ঠ পুত্ৰকো সৈন্য বাহিনীত গতাই দিবলৈ আগ্ৰহী। দেশ মাতৃৰ সেৱাৰ অৰ্থে সকলো কৰিবলৈ সাজু ছহিদ নিৰজ ছেত্ৰীৰ শোকাকুল পিতৃ।
পিতৃৰ এই ভাষ্যৰ দ্বাৰা নিজৰ দেশখনৰ প্ৰতি থকা শ্ৰদ্ধা, ভালপোৱা ভাৱ প্ৰকট হৈ উঠিছে লগতে নিৰজৰ গৃহত উপস্থিত হোৱা সকলো গুণমুগ্ধই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো মাৰ বান্ধি থিয় দিব লাগে, সন্ত্ৰাসবাদ নিপাত যাওঁক, নিৰজ ছেত্ৰী অমৰ হওঁক আদি শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে। ছহিদ নিৰজৰ পিতৃয়ে আগবঢ়োৱা উপৰোক্ত বাক্য কেইশাৰীকলৈ গৌৰৱবোধ কৰিছে অঞ্চলবাসীয়ে। লগতে প্ৰকৃত দেশপ্ৰেমৰ দ্বাৰা উদ্ধুদ্ধ ছহিদৰ পিতৃগৰাকীক উপস্থিত সকলোৱে তেওঁৰ কাষত থিয় হৈ মনোবল প্ৰদান কৰে।