কচুৱাত অগ্নিনিৰ্বাপক বাহিনীৰ সজাগতামূলক অনুষ্ঠান

 12/29/2021 - 14:35
 
 
কামপুৰঃ কচুৱা আদৰ্শ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। চাৰিটাকৈ শিশু আহত হৈছে। চিকিৎসালয়খনৰ চৌহদত থকা এটা ঘৰত অগ্নিদগ্ধ হৈছিল। আনকি চিকিৎসালয়খনৰ মূল গৃহটোও অগ্নিদগ্ধ হৈছে। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়া হৈছে। সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলাইছে।
 
আচলতে ই এক সজাগতা সভাৰ দৃশ্যহে। কামপুৰ অগ্নিনিৰ্বাপক বাহিনীয়ে বিপদকালীন সময়ত ল’বলগা পদক্ষেপ সম্পৰ্ক এক সজাগতা শিবিৰৰ কিছু দৃশ্য এইয়া। আজিৰ এই সজাগতা শিবিৰত কচুৱা আদৰ্শ চিকিৎসনলয় স্বাস্থ্যকৰ্মী সকলেও সহযোগ কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।