12/29/2021 - 18:59
in
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ মধ্যস্থতাত প্ৰায় ২৫ টা ইটা ভাটা মালিক আৰু আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সৈতে মহকুমাধিপতি সভাকক্ষত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। সভাত আদিবাসী ছাত্ৰ সন্থাই ভাটা চলোৱাৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰা গাইডলাইন প্ৰায় ইটা ভাটাই পালন নকৰাৰ অভিযোগ উত্থাপন কৰে, যেনে- ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ এনভায়াৰমেণ্ট আৰু ফৰেষ্ট, চেণ্ট্ৰেল পলিউচন বৰ্ড দিল্লী ও অসম, ব্ৰিকচ ক্লিনচ্ এষ্টাব্লিচমেণ্ট এণ্ড ৰেগুলেটিং ৰুলচ্ ২০১৩ ৰ নিৰ্দেশ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে।অপৰিকল্পিত ভাবে যধে মধে, ইটা ভাটা স্থাপন কৰি কৃষি ভূমি খনন কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।
বিদ্যালয়, হাস্পতাল, ধৰ্মীয় অনুষ্ঠান, জান, জুৰি, নদ, নদী আদিৰ পৰা নূন্যতম দূৰত্ব মানি নচলা আৰু গ্ৰীণ বেল্ট স্থাপন নকৰাকৈ ভাটা স্থাপন কৰাৰ ফলত সালোক সংশ্লেষণৰ যোগেদি কাৰ্বন-ডাই-অক্সাইড শোধন কৰাৰ ক্ষেত্ৰত অপৰাগ হোৱাৰ কাৰণে ব্যাপক প্ৰদূষণৰ সৃষ্টি হোৱা অনিবাৰ্য ৰূপ সৰ্বসাধাৰণ ৰাইজেও উপলব্ধি কৰিছে।সমীক্ষা অনুযায়ী ৮৬% শিশুৰ বেমাৰৰ কাৰণ অপৰিকল্পিত ইটা ভাটা সমূহ। শিশু শ্ৰমিক ব্যৱহাৰ এক আইন বিৰুদ্ধ। আৰ্টিকোল ৪৭ অনুসৰি শ্ৰমিকৰ মানৱীয় কৰ্মক্ষেত্ৰৰ কথা যিহেতু আহে, সেয়াও ধোঁৱাচাঙত।সেয়ে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে সম্পূৰ্ণ অভিযোগৰ সন্দৰ্ভত বিস্তাৰে শুনি, অনুসন্ধান কৰি ভাটা সমূহক ৪৫ দিনৰ সময় সীমা বান্ধি দি যাবতীয় নথি পত্ৰ সহ সকলো ব্যৱস্থা সঠিকভাৱে পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।উপায়ন্তৰ হৈ কিছু ভাটাই কৌশল কৰি হাস্যকৰ ও তৰল পন্থা অৱলম্বন কৰি পুনৰ এক প্ৰতিঅভিযোগ মহকুমাধিপতিক উত্থাপন কৰে যদিও অৱশেষত বুমেৰাং হোৱাৰ বাহিৰে আন একো নহয়, সেয়া সহজে অনুমেয়।