কামৰূপৰ পছৰীয়াত ৪৫০ বিঘা কৃষি ভূমিত নিৰ্মাণ হ’ব NRL তৈল ভাণ্ডাৰ, কৃষকৰ মাজত হাহাকাৰ, মাটি অধিগ্ৰহণৰ বিৰোধিতাৰে ৰাজহুৱা সভা

 12/30/2021 - 14:44
 
 
 
 
কামৰূপঃ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ জালুকবাৰীৰ-হাজো ৰাজহ চক্ৰৰ পছৰীয়া আৰু শিঙিমাৰী অঞ্চলৰ প্ৰায় ৪৫০ বিঘা কৃষি ভুমিত নুমলীগড় ৰিফেইনেৰী লিমিটেডে NRL এ নিৰ্মাণ কৰিবলৈ ওলাইছে বৃহৎ তৈল ভাণ্ডাৰ৷ ইতিমধ্যে নিজৰ ব্যৱসায় বৃদ্ধিৰ লক্ষ্যৰে এন আৰ এল কৰ্তৃপক্ষই চৰকাৰৰ সেউজ সংকেত লাভ কৰি উক্ত অঞ্চলত জৰীপৰ কাম সমাপ্ত কৰিছে৷
 
জৰীপৰ কাম সমাপ্ত হোৱাৰ পিচতে ইতিমধ্যে অঞ্চলটোৰ  কৃষক ৰাইজৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ ভূমিৰ গৰাকীক জাৰি কৰা হৈছে চৰকাৰী জাননী। অহা জানুৱাৰীৰ দ্বিতীয় পষেকতে তৈল ভাণ্ডাৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিব বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ কৃষি ভুমি অধিগ্ৰহণ কৰি তৈল ভাণ্ডাৰ নিৰ্মাণ কৰিবলৈ উলিওৱাত অঞ্চলটোৰ দৰিদ্ৰ কৃষক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
 
বছৰ বছৰ ধৰি এই অঞ্চলৰ কৃষক ৰাইজে বান, খৰাং বতৰ আদি এশ এবুৰি সমস্যাৰে মাজেৰে হাড়ভঙা পৰিশ্ৰম কৰি এডৰা মাটিতে বছৰত তিনি চাৰিটা খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ কৃষক সকলৰ শেষ ভৰষা খেতি মাটি ডৰা হেৰুৱাবলগীয়া হোৱা দৰিদ্ৰ কৃষক সকল সন্ত্ৰস্ত হৈ পৰিছে। এন আৰ এল কৰ্তৃপক্ষৰ তৈল ভাণ্ডাৰ নিৰ্মাণত কোনো কাৰণতে মাটি অধিগ্ৰহণ কৰিব নিদিয়াৰ উদ্দেশ্যৰে এখন ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত হয় প্ৰতিবাদী সভাৰ জৰিয়তে কৃষকৰ মাটি অধিগ্ৰহণ কৰিবলৈ দিয়া নহব বুলি ৰাজহুৱা সভাই চৰকাৰক সকীয়াই দিয়ে৷
 
ৰাজহুৱা সভাই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পেট প্ৰৱৰ্তাই থকা দুখীয়া কৃষকসকলৰ কথা নাভাবি মাত্ৰ নিজৰ ব্যৱসায়ৰ স্বাৰ্থত এন আৰ এলে লোৱা এনে হঠকাৰী সিদ্ধান্ত কৃষকে ৰাইজে কোনোপধ্যেই নামানে বুলি উল্লেখ কৰে৷ লগতে এন আৰ এলৰ তৈল ভাণ্ডাৰ স্থাপন হ’লে কৃষি ভুমি বিনষ্ট হোৱাৰ উপৰিও বায়ু প্ৰদুষণ,জলপ্ৰদুষণ, হৈ বামুণবড়ী, আলিকাষ, শিঙিমাৰী, পছৰীয়া, আদি এই বৃহত্তৰ অঞ্চলটো বসবাসৰ বাবে অনুপযোগী হৈ পৰিব৷ যদি চৰকাৰ তথা NRLকৰ্তৃপক্ষই কৃষক ৰাইজৰ দাবী মানি নলয় তেনেহলে NRL স্থাপনৰ বিৰোধিতাৰে গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ৰাজহুৱা সভাই৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।