বছৰটোৰ শেষৰখন সংবাদমেলত কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে..

 12/31/2021 - 14:10
 
 
নিউজ ডেস্কঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বছৰটোৰ শেষৰখন সংবাদমেল সম্বোধন কৰি অসমৰ শেহতীয়া ক’ৰণাকেন্দ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যবাসীক অৱগত কৰে।অ’মিক্ৰনৰ বাবে ৯ হাজাৰ বিছনা সাজু কৰি ৰখা হৈছে। লগতে অসমত এতিয়া মুঠ ১৬০০ ICU বিছনা আছে। ইয়াৰ ১০০০ খনেই ৰখা হৈছে কোভিডৰ বাবে।ইফালে কোৰোনাত আক্ৰান্তৰ পৰিসংখ্যা দাঙি ধৰি তেওঁ কয়- এতিয়ালৈ ৬ লাখ ২০ হাজাৰ ৫৭৩ জন লোক আক্ৰান্ত হৈছে কোভিডত।
 
ইয়াৰে আৰোগ্য হৈছে ৬ লাখ ১২ হাজাৰ ২৮২গৰাকী ৰোগী। বৰ্তমানলৈ অসমত কোৰোনাত আক্ৰান্ত হৈ ৬,১৬৬গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি সদৰি কৰে কেশৱ মহন্তই। শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত বিশেষ সৰ্তকতা আৰোপ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। তেওঁ লগতে জনায়- সকলো শিক্ষানুষ্ঠানক তদাৰক কৰিবলৈ প্ৰতিজন উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰা হৈছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।