12/31/2021 - 18:57
in
মৰিগাঁওঃ মৰিগাঁও জিলাৰ ধৰমতুলত থানা ঘেৰাও স্থানীয় ৰাইজৰ৷ এখন বলেৰ বাহন চুৰিক কেন্দ্ৰ কৰি ধৰমতুল থানা ঘেৰাও কৰিলে প্ৰায় শতাধিক স্থানীয় ৰাইজে৷ উল্লেখ্য যে যোৱা নিশা সান্ধ্য আইন চলি থকা সময়চোৱাতে চুৰি হৈছিল এখন বলেৰ বাহন৷ বাহনখনত নম্বৰ আছিল AS-21H-3453 মৰিগাঁও জিলা পৰিষদৰ সদস্য পল্লৱ বৰদলৈৰ আছিল বাহনখন৷ কিন্তু ২৪ ঘণ্টা অতিক্ৰম কৰি যোৱাৰ পিছতে আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ৷ ইফালে অঞ্চলটোত বিভিন্ন চুৰি-ডকাইতিৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতো আৰক্ষীয়ে দি আহিছে গা এৰা৷ সেয়ে নিশা গাঁওৰক্ষী বাহিনীক সক্ৰিয় কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে স্থানীয় ৰাইজে৷