৭বছৰীয়া নিয়ৰ কৌশিকৰ ১২ কিলোমিটাৰ মিনি মাৰাথন

 01/01/2022 - 15:52
 
 
মৰিয়নিঃ ২০২১ বৰ্ষক বিদায় দি ২০২২ বৰ্ষক এক নতুন প্ৰান্তৱন্ত আৰু এক নতুন গতিশীল কৰাৰ উদ্দেশ্যৰে নকচাৰি মৰঙীয়াল গাঁৱৰ নিবাসী সঞ্জীৱন বৰকটকী আৰু গোপীকা বৰকটকীৰ ৭ বছৰীয়া কন্যা আৰু মহেন্দ্ৰ গগৈ, মামণি গগৈৰ নাতি নিয়ৰ কৌশিকে আজি নৱবৰ্ষৰ প্ৰথম দিনটোতেই পুৱা ৬ বজাত মৰিয়নী কিংশুক ক্ৰীড়া আৰু সাংস্কৃতিক চৰাৰ পৰা নকচাৰি নৱ বিকাশ সংঘলৈ ১২ কিলোমিটাৰ যোৰা পথ মিনি মাৰাথানত অংশগ্রহণ কৰে। নিয়ৰ কৌশিকৰ এই কাৰ্যত সহযোগ কৰে নকচাৰি ক্ৰীড়া সন্থা আৰু পৰিয়ালবর্ষ লগত উপস্থিত থাকে কিংশুক চৰাৰ সভাপতি তৰুণ শইকীয়া, মৰিয়নি প্ৰেছ ক্লাবৰ সম্পাদক দিব্যজ্যোতি শইকীয়া, ই মিডিয়াৰ সভাপতি চক্ৰচেন গগৈ, মৰিয়নী ক্ৰীড়া সন্থাৰ সদস্য কল্লোল দেৱ, ৰাজীৱ কৰ্মকাৰ লগতে উপস্থিত থাকে ক্ৰীড়াবিদ জিতো দাস।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।