01/01/2022 - 18:38
in
নিউজ ডেস্কঃ মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় আৰু কেইবাখনো ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি আৰম্ভ কৰিছে। আজি আমি এনেখন আঁচনিৰ বিষয়ে আপোনাক জনাব খোজিছো, যাৰ জৰিয়তে চৰকাৰে দৰিদ্ৰ মহিলাসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব বিচাৰে। বিহাৰ চৰকাৰে তেনে এখন আঁচনি আৰম্ভ কৰিছে।
আঁচনিৰ অধীনত বছৰি ৩৬০০/- টকা দৰিদ্ৰ মহিলাৰ একাউণ্টত জমা কৰা হয়। এই আঁচনিখনৰ নাম হৈছে লক্ষ্মীবাই সামাজিক সুৰক্ষা আঁচনি। এই আঁচনিৰ অধীনত প্ৰতিমাহে ৩০০ টকা বিনিয়োগ কৰিলে বাৰ্ষিক ভিত্তিত লাভ কৰিব ৩৬০০ টকা। এই আঁচনিখন লাভ কৰিবলৈ, মহিলাসকলৰ নিম্নতম বয়স ১৮ বছৰ হ'ব লাগিব আৰু তেওঁ বিহাৰৰ স্থায়ী বাসিন্দা হ'ব লাগিব।আপুনি এই আঁচনিত টকা ল'ব বিচাৰিলে আপোনাৰ বয়স ১৮ বছৰতকৈ অধিক হ'ব লাগে। মহিলাগৰাকীৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৬০ হাজাৰ টকা বা তাতকৈ কম হ'ব লাগিব।