বলিউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম আৰু পত্নী প্ৰিয়া ৰুঞ্চাল ক’ভিড-১৯ ত আক্ৰান্ত

 01/03/2022 - 13:40
 
 
নিউজ ডেস্কঃ ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বলিউডৰো কেইবাগৰাকীও চিনেমা পৰিচালক, অভিনেতা, অভিনেত্ৰী আক্ৰান্ত হৈছে ক’ভিড-১৯ত৷ শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈছে বলীউড তাৰকা জন আব্ৰাহাম আৰু তেওঁৰ পত্নী প্ৰিয়া ৰুঞ্চাল৷ আজি তেওঁলোকে ক’ভিড পৰীক্ষা কৰোৱাওতে ক’ভিড পজিটিভ ধৰা পৰিছে৷ বৰ্তমান তেওঁলোকে নিজকে নিজা বাসভৱনতে আছুতীয়াকৰণ কৰিছে৷ জন আব্ৰাহামে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এই খবৰ ৰাজহুৱা কৰি জনাইছে যে তেওঁ তিনিদিন আগতে এজন ক’ভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল।
 
ইনষ্টাগ্ৰামত অভিনেতাজনে লিখিছে এনেদৰে, মই তিনিদিন আগতে এগৰাকী ব্যক্তিৰ সৈতে সম্পৰ্কত আহিছিলোঁ আৰু পাছত জানিছিলোঁ যে তেওঁ ক’ভিড পজিটিভ আছিল। প্ৰিয়া আৰু মই পৰীক্ষা কৰোৱালোঁ আৰু আমাৰ পজিটিভ আহিছে৷ আমাক ঘৰতে আছুতীয়াকৰণ কৰা হৈছে, সেয়েহে আন কাৰো সৈতে সম্পৰ্ক কৰা নাই৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে এক সাক্ষাৎকাৰত, অভিনেতাজনে জনাইছিল যে তেওঁলোকে মৃদু লক্ষণ অনুভৱ কৰি আছে। আমি দুয়োৱে ভেকচিন লৈ থৈছোঁ৷ আৰু মৃদু লক্ষণ অনুভৱ কৰিছোঁ। অনুগ্ৰহ কৰি সকলোৱে স্বাস্থ্যৱান হৈ থাকক। ‘মাস্ক’ পৰিধান কৰি থাকক। কালিৰ দিনটোত চিনেমা পৰিচালক ৰাহুল ৰাৱাইলৰো ক’ভিড পজিটিভ ধৰা পৰিছে৷ চিনেমা নিৰ্মাতাজনক বৰ্তমান আছুতীয়াকৈ ৰখা হৈছে আৰু সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি আছে। ৭০ বছৰীয়া পৰিচালকজন যোৱা সপ্তাহত ক’ভিড আক্ৰান্তৰ সৈতে সম্পৰ্কত আহিছিল৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।