মাৰ্ঘেৰিটা: উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত ঠিকাভিত্তিক মাইনিং কোম্পানী এমএছবিজিআৰ এণ্ড ইনফা লিমিটেড নামৰ কোম্পানীটোৱে কোনো ধৰণৰ উপযুক্ত কাৰণ প্ৰৰ্দশন নকৰাকৈ টিৰাপ কয়লা খনন ক্ষেত্ৰৰ সকলো কাম কাজ বন্ধ কৰি দিয়াত ৩৫০ৰো অধিক কৰ্মচাৰীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে। উল্লেখ্য যে কল ইণ্ডিয়া তথা কৰ্মচাৰীসকলৰ সৈতে ৫ বছৰৰ বাবে চুক্তিবদ্ধ হোৱা এমএছবিজিআৰ এণ্ড ইনফা লিমিটেড নামৰ কোম্পানীটোৱে যোৱা ২৪ মে' ২০১৯ তাৰিখে এখন জাননী জাৰি কৰি আজিৰে পৰা কৰ্মচাৰীসকলক কামৰ পৰা অব্যাহতি দিয়ে।
উল্লেখিত জাননীখনত কোনো ধৰণৰ কাৰণ উল্লেখ নকৰাকৈ হাইদৰাবাদত মুখ্য কাৰ্যালয় থকা এই কোম্পানীটোৱে এইদৰে কাম বন্ধ কৰি দিয়াত ৩৫০ ৰৰো অধিক কৰ্মচাৰীৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে। আজি কৰ্মচাৰীসকলে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতিৰ জৰিয়তে কোম্পানীটোৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ দাবী জনায়।
ইয়াৰ পাছতেই মহকুমাধিপতিয়ে কোম্পানীটোৰ এজন উচ্চপদস্থ বিষয়া আৰু ক্ষুব্ধ কৰ্মচাৰীসকলৰ একাংশৰ লগত পুনৰ আলোচনাত মিলিত হয় যদিও কোম্পানীৰ কৰ্তৃপক্ষই এই সমস্যা সমাধানৰ বাবে অহা ১১ জুন তাৰিখলৈকে সময় বিচাৰ। এইদৰে হঠাৎ কয়লা মাইনিং কোম্পানীটো বন্ধ হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই কোম্পানীটোৰ কৰ্মচাৰীসকলে।