01/06/2022 - 14:50
in
গোলাঘাটঃ মেৰাপানী আৰক্ষী আৰু সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনীয়ে যৌথ অভিযান চলাই আজি বিয়লি মেৰাপানী ফৰেষ্ট ব্লকৰ নিৱাসী গোলাপ খানাৰ ঘৰৰ পৰা বুজন পৰিমানৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে ব্যৱসায়ী গোলাপ খানকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তথ্যমতে দীৰ্ঘদিন ধৰি গোলাপ খান নামৰ লোকজনে নাগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।
আজি মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে চি আৰ পি এফৰ সহযোগত এক গোপন তথ্যৰ ভিত্তিত খানৰ ঘৰত তালাচী চলাই প্ৰায় এক কিলোগ্ৰাম নিষিদ্ধ চিমপ্লেক্স প্লাছ টেবলেট জব্দ কৰে। জব্দকৃত টেবলেট সমুহৰ বজাৰমূল্য প্ৰায় লক্ষাধিক টকা হ'ব বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিছে। উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সহজে সৰবৰাহ কৰাৰ সুবিধা লৈ মেৰাপানীত দীৰ্ঘদিন ধৰি একাংশ অসাধু লোকে ড্ৰাগছ ব্যৱসায় কৰি অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰি আহিছে।