01/07/2022 - 17:25
in
যোৰহাটঃ আজিৰে পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হৈছে আছুৰ আন্তঃজিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতা। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট মহকুমা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা তথা যোৰহাটবাসী ৰাইজৰ সহযোগত 'যুৱ ছাত্ৰ নেতা নাচিৰ হুছেইন সোঁৱৰণি আছু আন্তঃজিলা স্বৰ্ণ কাপ প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব তিনিদিনকৈ।
প্ৰায় ২৬ টা দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতা খনত। আজি প্ৰতিযোগিতাখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে, শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য্য,ৱাই.চুব্বা.ৰাও আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মিথলেশ কুমাৰ সিং। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমূজ্বল কুমাৰ ভট্টাচাৰ্য্য। ছাত্ৰ নেতা নাচিৰ হুছেইনৰ প্ৰতিচ্ছবিত মাল্যা অৰ্পণ কৰে নাচিৰ হুছেইনৰ সহধৰ্মিনী নাৰ্জী হুছেইন চৌধুৰীয়ে।