01/09/2022 - 13:00
in
লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ ৰাখালকিল্লাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন। মুখ্য অতিথি হিচাপে উপস্থিত অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। দিনৰ ৩বজাৰ পৰিবৰ্তে সন্ধিয়া ৬বজাত উপস্থিত হ’ল মুখ্য অতিথি জয়ন্ত মল্ল বৰুৱা। জনগোষ্ঠীৰ আন্ত:গাঁথনিক অধিক সবলীকৰণৰ দিশত জনগোষ্ঠীটোক শক্তিশালী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা এই জিলা অধিৱেশনত হাজাৰ হাজাৰ দেশী মানুহ অংশগ্ৰহণ কৰে।
অনুষ্ঠানটোত দেশী জনগোষ্ঠীয় বিভিন্ন সংস্কৃতি,যেনে গোৱালপৰীয়া লোকগীত,নৃত্য আদি প্ৰদৰ্শন কৰে দেশী সকলে। আবেলি অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে দেশী জনগোষ্ঠীয় মঞ্চৰ অসমৰ সভাপতি শ্বেখ হেদায়তুল্লা, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ও এচ ডি প্ৰকাশ ক্যাশপ ফুলবাৰী সমষ্টিৰ বিধায়ক ইমদাদুলকে ধৰি বিভিন্ন সন্মানীয় তথা দল-সংগঠনৰ বিষয়ববীয়াসকল।