01/09/2022 - 17:01
in
ধুবুৰীঃ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাতো যোৱা তিনি জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ১৫ ৰ পৰা ১৮ বছৰীয়া ছাত্ৰ-ছাত্ৰীৰ ক’ভিড ভেকচিন প্ৰদান। জিলাখনৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ নিৰ্ধাৰিত বয়সৰ ছাত্ৰ-ছাত্ৰীক ক’ভিড দিয়া হৈছে।
ক’ভিড ভেকচিন প্ৰদানৰ আজি অন্তিম দিনা কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ত ক’ভিড ভেকচিন দিয়া হয় ছাত্ৰ-ছাত্ৰীক। ইপিনে ধুবুৰী সদৰ চহৰৰ হ্যেপি কোনভেণ্ট স্কুল আৰু শংকৰদেৱৰ শিশু বিদ্যা নিকেতন নামৰ দুখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ক’ভিড ভেকচিন দিয়া হয় যদিও আন এখন বিদ্যালয় বন্ধ থকাৰ ফলত ভেকচিন দিবলৈ সক্ষম নহয় স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে।