01/09/2022 - 19:58
in
ৰঙিয়াঃ কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৰ ৰঙিয়া দদতীয়াত আজি দিনৰ ভাগত এটা পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। যাৰ ফলত পৰিয়াৰটোয়ে নিশাটো কটাবৰ বাবেও হাহাকাৰৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰামতে আচাৰুদ্দিন নামৰ কৃষক এজনৰ ঘৰত আজি এনেদৰে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। পৰিয়ালৰ লকে জানিব দিয়া মতে আচাৰুদ্দিন নামৰ ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলে বৰোধানৰ খেতিৰ বাবে পথাৰলৈ গৈছিল।
দুপৰিয়াৰ ভাগত গাঁওখনৰ আন ব্যক্তিয়ে পথাৰলৈ গৈ আচাৰুদ্দিনৰ পৰিয়ালক তেওঁলোকৰ ঘৰত জুই লগা বুলি অৱগত কৰে। পৰিয়ালটোৰ সদস্যসকলে লগে লগে ঘৰলৈ আহে যদিও তেওঁলোকৰ ঘৰটো তেতিয়ালৈ সম্পুৰ্ণৰূপে ভস্মীভূত হৈ যায়। যাৰ ফলত বৃহৎ পৰিমাণৰ সামগ্ৰীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰো কিতাপ কাগজ আদি জুইত জাহ যায়। ইফালে চৰ্টচাৰ্কিটৰ বাবে উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি ধাৰণা কৰা হৈছে।