শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰৰ পাৰত বৃক্ষৰোপণ

 06/05/2019 - 19:49

শিৱসাগৰঃ আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। এই দিৱস উপলক্ষে ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত জুবিন গাৰ্গ ফেন ক্লাৱে ৰোপণ কৰে শতাধিক নাহৰ পুলি। উল্লেখযোগ্য যে যোৱা চাৰিটা বছৰ ধৰি শিৱসাগৰৰ বহু অঞ্চলত জুবিন গাৰ্গ ফেন ক্লাৱে কেবা সহস্ৰাধিক গছপুলি ৰোপণ কৰি অহাৰ লগতে গছপুলি সমূহৰ সঠিক প্ৰতিপালন কৰি আহিছে।

পৰ্যটনৰ মেটমৰা সম্ভাৰ লৈ উজ্বলি থকা শিৱসাগৰৰ পাৰিপাৰ্শ্বিক পৰিৱেশ যোৱা কিছু বছৰত হোৱা অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি ফেন ক্লাৱে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰে মিছন নাহৰ নামৰ এক কাৰ্যসূচী। বিগত সময়বোৰত ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত দুই শতাধিকত কৈ অধিক নাহৰ পুলি ৰোপণ কৰা অনুষ্ঠানটোৱে আজিৰ দিনটোত পুলি তথা ঘেৰা সমূহ চাফ-চিকুণ কৰাৰ লগতে সাৰ-পানী যোগান ধৰে।

তদুপৰি চলিত কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠানটোৱে বহু নাহৰ গছৰ পুলি ৰোপণ কৰাৰ উপৰি পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষাৰ বাবে ঐতিহাসিক পুখুৰীটো পাৰৰ বহু গছত চৰাই-চিৰিকটি বাস কৰিবলৈ গছত বহুসংখ্যক টেকেলী বান্ধে। উল্লেখ্য যে জুবিন গাৰ্গ ফেন ক্লাৱে শিৱসাগৰে বিভিন্ন স্থানত তিনি হাজাৰৰো অধিক গছ পুলি ৰোপণ কৰিছে। জুবিন ফেন ক্লাৱৰ এই পদক্ষেপক সমগ্ৰ শিৱসাগৰবাসীয়ে ভূয়ংশী প্ৰশংসা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।