জল পৰিবহণ বিভাগৰ আজব কাণ্ড: প্ৰতিকূল বতৰৰ দোহাই দি নৈশ সেৱা বন্ধ

 06/05/2019 - 20:32

গুৱাহাটী: গুৱাহাটীৰ প্ৰতিটো ফেৰী ঘাটত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ আজব জাননী। সূৰ্যাস্তৰ পুৰ্বেই ফেৰী বন্ধৰ আগজাননী। ছয় জুনৰ পৰা কাৰ্যকৰী কৰিবলগীয়া জাননীকলৈ তীব্ৰ প্ৰতিক্ৰিয়া উত্তৰ গুৱাহাটীত। ফেৰী সেৱা বিভিন্ন অজুহাতত বন্ধ কৰাত সিদ্ধহস্ত জলপৰিবহণ বিভাগ। লুইতৰ পানী বঢ়াৰ বাবে জনতাৰ জীৱন সম্পত্তিৰ দায়িত্ব ল'ব নোৱাৰে জল পৰিবহণ বিভাগটোৱে।

যাৰ বাবে নিজৰ হাতত থকা বিশেষ ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে জলপৰিবহণ বিভাগটোৰ বৰমূৰীয়াসকলে। যি সময়ত ব্ৰহ্মপুত্ৰৰ ফেৰী নিশা বন্ধ কৰা হৈছে, সেই সময়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ শুকাই নিতাল মাৰিছে।নতুনকৈ ক্ৰয় কৰা জাহাজে প্ৰতিকূল বতৰক ফেৰ মাৰিব নোৱাৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে যাত্রীসকলে। জলপৰিবহণ বিভাগৰ নতুনত্ব এক প্ৰহসন নেকি বুলিও প্ৰশ্ন কৰে যাত্রীসকলে।

এফালে শৰাইঘাট দলঙত ঘণ্টাৰ পাছত ঘণ্টা যানজঁট, আনফালে কৰ্মচাৰীলৈ চৰকাৰৰ কঠোৰ সকিয়নি। ইয়াৰ মাজতে অসহায় জনতা হৈ পৰিছে পণবন্দী। জলপৰিবহণ বিভাগৰ অবিবেচক সিদ্ধান্তৰ প্ৰতিবাদত গুৱাহাটী পাৰঘাটতে প্ৰতিবাদ সাব্যস্ত কৰে যাত্রীয়ে।

উত্তৰ গুৱাহাটীৰ জাহাজৰ বাবে ১০.৩০ বজাৰ ফেৰী এঘাৰ বজালৈ নহাত গৰ্ভৱতী মহিলা, ৰোগী, কৰ্মচাৰী সকলো বন্দী হ'বলগীয়াত পৰে।  প্ৰতিবাদত উত্তাল হৈ পৰে ফেৰীঘাট।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।