বিশিষ্ট কণ্ঠশিল্পী লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

 01/17/2022 - 13:45
 
 
নিউজ ডেস্কঃ কুকীলকণ্ঠী গায়িকা লতা মংগেশকাৰ ক’ৰণাৰ লগতে নেউমোনিয়াত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত চিকিৎ‍সাধীন হৈ আছে। এসপ্তাহৰ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ খবৰ আহিছে।
 
বৰ্তমান চিকিৎ‍সকৰ এটা দলে তৎপৰতাৰে লতা মংগেশকাৰক সুস্থ কৰি তোলাৰ চেষ্টা কৰি আছে। সেইসময়তে এজন চিকিৎ‍সকে কৈছে যে, 'লতা জী এতিয়াও আইচিইউত আছে। ডাক্তৰে প্ৰতি মুহূৰ্ততে পৰ্যবেক্ষণ কৰি আছে। তেওঁ কোৰোণাৰ লগতে শেহতীয়াকৈ নেউমোনিয়াতো আক্ৰান্ত হৈছে। আৰু কিছুদিন ডাক্তৰৰ পৰ্যবেক্ষণত থাকিব লাগিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।