শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটৰ ২৯ তম প্ৰতিষ্ঠা দিৱস উদযাপন

 01/20/2022 - 15:10
 
 
 
বাহাৰঘাটঃ শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটৰ ২৯ তম প্ৰতিষ্ঠা দিৱস উদযাপন৷ ১৯৯৩ চনৰ আজিৰ দিনটোতে নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ লৰমাত প্ৰতিষ্ঠা হৈছিল জনপ্ৰিয় শিক্ষানুষ্ঠান খনৰ৷ কেইজনমান বিশিষ্ট শিক্ষানুৰাগী লোকৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত থন ধৰিছে লেখত ল’বলগীয়া উক্ত বিদ্যা মন্দিৰ৷ আজি পুৱা নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মহেশ্বৰ ভট্টাচাৰ্যই পতাকা উত্তোলন কৰা পিচতে বাগদেৱী সৰস্বতী আৰু ভাৰত মাতৃৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে পৰিচালনা সমিতিৰ উপদেষ্টা ৰজত চন্দ্ৰ শৰ্মাই৷
 
উক্ত কাৰ্য্যসূচীৰ পিচতে নিকেতনৰ আচাৰ্য্য/আচাৰ্য্যা সকলৰ এটি আকৰ্ষণীয় সমবেত সংগীতৰে সাংস্কৃতিক কাৰ্য্যসূচী আৰম্ভ কৰে৷ সাংস্কৃতিক কাৰ্য্যসূচীত নিকেতনৰ শিক্ষাৰ্থী সকলে গীতমাত নৃত্য পৰিবেশন কৰাৰ উপৰিও আচাৰ্য/আচাৰ্যা আৰু শুভাকাংক্ষীয়ে গীত কবিতা আদিৰে পৰিৱেশ জিপাল কৰি তোলে৷ অনুষ্ঠানত প্ৰধানাচাৰ্য্য তিলক চন্দ্ৰ তালুকদাৰে বিদ্যা ভাৰতীৰ আদৰ্শৰ ওপৰত বিশ্লেষনাত্মক বক্তব্য দিয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।