01/21/2022 - 12:48
in
গহপুৰঃ গহপুৰ মহকুমাৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চেনীজানত আলিআই লৃগাঙৰ ব্যাপক প্ৰস্তুতি চলাইছে বৃহত্তৰ চেনীজানবাসীয়ে। এই লৈ বৃহস্পতিবাৰে চেনীজান প্ৰাথমিক বিদ্যালয় প্ৰাংগনত শতাধিক ৰাইজে আনন্দ উলাহেৰে লাইখুটা স্থাপন কৰে। ঐনিতম, বিহু নামেৰে মুখৰিত চেনীজান বাকৰী। ঢোলৰ চেৱত বিহুৰ সুৰত কঁকাল ঘূৰাই নাচে মিচিং ডেকা গাভৰুৰ লগতে বুঢ়া-মেঠাই। পৰম্পৰাগতভাৱে চলি অহা বাপোতিোহোন মিচিং জনগোষ্ঠীৰ আলি আয়ে লৃগাং উৎসৱটো এইবাৰ চেনীজানবাসীয়ে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ দিহা কৰিছে।