01/21/2022 - 13:51
in
নিউজ ডেস্কঃ গুৱাহাটীত নিৰ্মাণ হ’ব আন এখন উৰণীয়া সেঁতু। জুৰোডত এই নতুন উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। এই উৰণীয়া সেতুখন নিৰ্মাণৰ লগে লগে জু-ৰোডৰ যান-যটৰ সমস্যা বহু পৰিমাণে হ্ৰাস হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে দুটা লেনৰ এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ১৮ মাহ সময় নিৰ্ধাৰণ কৰা হৈছে। এই উৰণীয়া সেতুখনে উষা কোৰ্টৰ সমীপৰ পৰা উদয় পথৰ নামঘৰৰ সমীপলৈ সংযোগ কৰিব।