01/21/2022 - 16:39
in
চাপৰঃ ধুবুৰী-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্ত্তী নিত্যবজাৰত অসম আৰক্ষীৰ AB আৰু UB পদত বঙাইগাঁৱত ১২৮ জন আৰু ধুবুৰীত ২৪২ৰ ভিতৰত ৭৪ জনী মহিলাই নিযুক্তি পাব। অসমত অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে ৰাজ্যৰ জিলা সমূহৰ পৰা ৬,৬৬২ টা পদৰ আবেদন বিচৰা হৈছিল।
প্ৰতিবাদকাৰী সকলে অভিযোগ কৰা মতে পদ মুকলি কৰাৰ সময়ত এজনক নিযুক্তিৰ বাবে পাঁচজনৰ পৰা বাচনি কৰি তাৰ পৰা নিৰ্বাচন কৰা হ'ব বুলি কথা আছিল কিন্তু বৰ্তমান সময়ত ঘোষিত নিৰ্দেশনাক বুঢ়া আঙুলী দেখুৱাই দুজনৰ পৰা এজনক হে নিৰ্বাচন কৰাৰ প্ৰসংগই মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে পৰীক্ষাৰ্থীসকলৰ মাজত। উল্লেখ্য যে ঘোষিত নিৰ্দেশনা মতে কনিষ্টবল পদত নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ আহ্বান জনায় প্ৰতিবাদকাৰী সকলে।