01/22/2022 - 12:40
in
শালবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সষ্টম হৈ পৰিছে বাক্সা আৰক্ষী। পুৱাৰে পৰা বাক্সাৰ লাৱদাংগুৰী আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত নাকা চেকিং লগায়। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনো দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে চোকা নজৰ ৰাখে আৰক্ষীয়ে। সৰু-বৰ সকলো বাহনতে তন্ন তন্নকৈ তালাচি চলায় আৰক্ষীৰ দলটোৱে। নিয়ম অনুসৰি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীৰ দলটোৱে।