01/24/2022 - 13:06
in
লাহৰিঘাটঃ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্ল’গান এতিয়া ধোঁৱাচাঙত পৰিণত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত উন্নয়ন খণ্ডত। লাহৰীঘাট উন্নয়ন খণ্ডৰ অধীনস্থ কাঠণি গাঁও পঞ্চায়তত সংঘটিত হৈছে এটাৰ পিছত আন এটা বিয়াগোম দুৰ্নীতি। দুৰ্নীতি আৰু কেলেংকাৰীৰ যেন এক অঘোষিত প্ৰতিযোগিতাহে চলিছে উক্ত গাঁও পঞ্চায়তটোত। চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় পাচখন আঁচনিৰ কাম নকৰাৰ বিয়াগোম কেলেংকাৰী তথ্য পোহৰলৈ আহিছে। পঞ্চায়তটোৰ তৰাবড়ী গাঁৱৰ চন্দ্ৰ দাসৰ ঘৰৰ ওচৰত এখন বক্স কাৰ্লভাট।
আঁচনিখনৰ আৱন্টিত ধন দুই লাখ। আৰু দক্ষিন চেনিমাৰী ছামচুদ্দিনৰ ঘৰৰ পৰা তিনিআলিলৈ যোৱা চি চি ব্লকৰ ৰাস্তাৰ নামত আৱন্টিত ধন ১১,২৬,৯৯৫ টকা। দুয়োখন আঁচনি কোনো ধৰণৰ চিন মোকাম বৰ্তমান নাই। বিভাগীয় নীতি-নিৰ্দেনাক বুঢ়া আঙুলী দেখুৱাই ইয়াৰ সম্পূৰ্ণ টকা পঞ্চায়তটো সভানেত্ৰী আৰু সচিবে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। আৰু বহুকেইখন আঁচনিৰ আৱন্টিত ধন সভানেত্ৰী ৰৌজলিন ফাৰুকীয়ে শৰাধ কৰি আহিছে। স্থানীয় আৰ টি আই কৰ্মী ছামচুল ইছলামে পঞ্চায়তটোৰ দুৰ্নীতি আৰু অনিয়মৰ তথ্য আৰ টি আই যোগে লাভ কৰি সংশিষ্ট বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে মৰিগাঁও জিলা ফৌজদাৰী আদালতত গোচৰ ৰুজু কৰিছে। প্ৰশ্ন হয়, উক্ত পঞ্চায়তটো সংঘটিত হোৱা এনে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ তথা ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়?