ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

 01/24/2022 - 17:32
 
 
ধুবুৰীঃ ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথম তালিকা বাহাল ৰখাৰ দাবী। দ্বিতীয় তালিকা প্ৰকাশ কৰিলে প্ৰয়োজনত আইন হাতত তুলি লোৱাৰ হুংকাৰ।
 
প্ৰথম তালিকা বাতিল কৰি নতুন তালিকা প্ৰকাশৰ দাবীত   বঞ্চিত প্ৰাৰ্থীয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিছিল প্ৰতিবাদ। বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধানে আন এখন তালিকা প্ৰকাশৰ আশ্বাস দিয়াৰ পিছতেই জাঙুৰ খাই উঠিছে এইসকল প্ৰাৰ্থী। চাকৰিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত এইদৰে ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰথম তালিকা বাহাল ৰখাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।