নগৰবেৰাৰ মালিবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

 01/24/2022 - 19:50
 
 
 
 
নগৰবেৰাঃ নগৰবেৰাৰ মালিবাৰীত বন বিভাগৰ অভিযানত কাঠৰ কুণ্ডা জব্দ। বন বিভাগৰ বৃহৎ সফলতা, নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মালিবাৰীত বন বিভাগৰ এক অভিয়ানত সোমবাৰে জব্দ হয় বুজন পৰিমাণৰ কাঠ। পশ্চিম কামৰূপৰ নগৰবেৰাস্থ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মালিবাৰী পথাৰ অঞ্চলত চলে এই অভিযান। একাংশ ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে থুপাই থোৱা অৱস্থাত জব্দ কৰা হয় কাঠখিনি। গোপন সূত্ৰৰ পম খেদি বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে অভিযান চলাই জব্দ কৰে কাঠৰ কুণ্ডাসমূহ। মুঠ পাঁচখনকৈ মালবাহী বাহনেৰে নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়লৈ কঢ়িওৱা হয় কেবালাখ টকা মূল্যৰ এই কাঠখিনি। বনাঞ্চলিক বিষয়া মৃণাল অধ্যাপকৰ নেতৃত্বত যোৱা এটা দল এটাই জব্দ কৰে মুল্যবান কাঠখিনি জব্দকৃত কাঠখিনিৰ বজাৰ মুল্য কেবালক্ষাধিক হ’ব বুলি অনুমান হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।