ভক্তৰ মহানুভৱতাঃ পৰিচয়বিহীন ভক্তই অতি সংগোপনে বটদ্ৰৱা থানলৈ আগবঢ়ালে ৪০ তোলা সোণ

 01/25/2022 - 14:33
 
 
বটদ্ৰৱাঃ ধৰ্মীয় অনুষ্ঠানত দান বৰঙণিটো আগবঢ়োৱাটো নতুন কথা নহয়। একাংশ দান দিওঁতাই দান দিয়াৰ পিছত সংগ্ৰহ কৰে ৰচিদ।কোনোবাই আকৌ দান বৰঙণি আগবঢ়ায় আনুষ্ঠানিকভাৱে। বহুতে নিজৰ বা পিতৃ-মাতৃৰ নাম নাম ফলকত সন্নিবিষ্ট কৰি দান বৰঙণি আগবঢ়ায়। কিন্তু আজি আমি এগৰাকী বিশেষ ভক্তৰ কথা ক’ব বিচাৰিছোঁ। যি গৰাকী ভক্তৰ নাই কোনো পৰিচয় অথবা ঠিকনা। মহাপুৰুষ গুৰুজনাৰ পৱিত্র জন্মস্থান বটদ্ৰৱা থানৰ প্ৰনামী বাকচত উদ্ধাৰ হৈছে এটা এনভেলৱ । এনভেলৱৰ ভিতৰত উদ্ধাৰ হৈছে ৪০ তোলা সোণ। যাৰ মূল্য ২৬ লাখতকৈ অধিক। এই জন মহান ভক্তক লৈ এতিয়া বিষেশ চৰ্চা চলিছে বটদ্ৰৱাত। এনভেলৱত উদ্ধাৰ হৈছে এখন চিঠিও।
 
চিঠিখনত ভক্তজনে উল্লেখ কৰা মতে তেওঁ আগবঢ়োৱা সোণখিনি কীৰ্তন ঘৰৰ গুৰু আসনৰ চাৰিটা খুটাত লগাবলৈ সবিনয়ে অনুৰোধ কৰিছে। বটদ্ৰৱা থানৰ প্ৰনামী বাকচ সমূহত ভক্তপ্ৰাণ ৰাইজে আগবঢ়োৱা দান বৰঙণিৰ ধন গণনা কাৰ্য্য চলি আছে। ধন গণনা কাৰ্য্য চলি থকা সময়তে উদ্ধাৰ হৈছে এই সোণ খিনি। এই বৃহৎ পৰিমাণৰ সোণ প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিছে বটদ্ৰৱা থান পৰিচালনা কমিটিৰ বিষয়ববীয়াসকল। কিয়নো দান আগবঢ়োৱা ভক্ত জনৰ নাই কোনো পৰিচয়। পৰিচয় বিহীন গুৰুজনাৰ একনিষ্ঠ ভক্ত গৰাকীৰ এনে মহানুভৱতা দেখি সকলোৱে শলাগ লৈছে। এইজন পৰিচয় বিহীন উদাৰ ভক্তৰ মহানুভৱতা সচাকৈয়ে শ্ৰদ্ধাৰ পাত্ৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।