বাক্সাৰ শালবাৰীৰ দাওধাৰাৰ ৰাজপথত মৃত্যুৰ কিৰিলি, ভয়ংকৰ পথ দুৰ্ঘটনাত দুই কণমানি ছাত্ৰীসহ এগৰাকী শিক্ষয়িত্ৰীৰ থিতাতে মৃত্যু

 01/25/2022 - 14:56
 
 
শালবাৰীঃ বাক্সাৰ শালবাৰীৰ দাওধাৰাৰ ৰাজপথত মৃত্যুৰ কিৰিলি। ভয়ংকৰ পথ দুৰ্ঘটনাত দুই কণমানি ছাত্ৰীসহ এগৰাকী শিক্ষয়িত্ৰীৰ ঘটনাস্থলীতে মৃত্যু। মৃত্যু হোৱা ছাত্ৰী দুগৰাকী ক্ৰমে কৃষ্টিনা দৈমাৰী (৯) আৰু ভাৰলিনা ব্ৰহ্ম(৯)৷ মৃত শিক্ষয়িত্ৰী গৰাকী ৰিজিনা কুজুৰ।দাওধাৰা হিমালয় পাব্লিক স্কুলৰ ছাত্ৰী আৰু শিক্ষয়ত্ৰী গৰাকী। বিদ্যালয়ত শিক্ষয়িত্ৰী গৰাকীয়ে টিউচন কৰি এখন স্কুটিৰে দাওধাৰাৰ নিজ ঘৰলৈ আহি থাকোতে তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াত এই দুৰ্ঘটনা সংঘটিত হয়।
 
ট্ৰাকৰ নং, NL01, AC 3094। উত্তেজিত ৰাইজে শিমলা থানা চৌহদত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে। উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনত অগ্নিসংযোগ কৰাৰ চেষ্টা কৰাৰ লগতে ট্ৰাকৰ গ্লাচ ভাঙি পেলায়। উত্তেজিত ৰাইজক চত্ৰভংগ দিবলৈ আৰক্ষীৰ লাঠীচালনা। ইতিমধ্যে আৰক্ষীয়ে ট্ৰাক চালক খালেক আলীক গ্ৰেপ্তাৰ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।