01/25/2022 - 16:15
in
লক্ষীপুৰঃ যোৱা ২১ জানুৱাৰীত গুৱাহাটীৰ পৰা AS-25 DC-4204 নম্বৰৰ এখন উবেৰ বাহন ভাড়া লৈ গোৱালপাৰাৰ জলেশ্বৰ লৈ আহে। কিন্তু জলেশ্বৰ লৈ গৈ থকা অৱস্থাত গোৱালপাৰাত ছায়েদ নামৰ গভাইত চোৰজনে চালক জনক চোকা অস্ত্রৰে আঘাত কৰি অচেতন অৱস্থাত ৰাস্তাত পেলাই থৈ উবেৰ বাহন খন লৈ উধাও হয়। উক্ত ঘটনা সম্পর্কে চালকজনে গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ঘটনাৰ তদন্তৰ বাবে গোৱালপাৰা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ২৮২ ধাৰাত ২৮/২২ নম্বৰত এক গোচৰৰ ভিত্তিত অভিযান চলাই উবেৰ বাহনসহ চোৰজনক জলেশ্বৰ সাতভেণ্ডী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। উক্ত ঘটনা তদন্ত অব্যাহত ৰাখিছে গোৱালপাৰা আৰক্ষীয়ে।