01/25/2022 - 16:44
in
টীয়কঃ আজি পুৱা প্ৰায় ৬-০০ বজাত টীয়কৰ গ্ৰীনভিউ চাহ-বাগিচাত এটা নৱজাতক বস্তাত ভৰাই কোনো লোকে বাগানৰ খালত এটা পেলাই থৈ যায়। স্থানীয় এগৰাকী মহিলাই ঘৰৰ সমিপতে থকা বাগানত নৱজাতকৰ কান্দোন শুনি এটা বস্তাত ভৰাই পেলাই থৈ যোৱা নৱজাতকটো উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ সহযোগত চাহ-বাগিচাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰে। গ্ৰীনভিউ চাহ-বাগিছাৰ চিকিৎসা কৰ্মীয়ে জনোৱা মতে বৰ্তমান নৱজাতকটো সুস্থ অৱস্থাত আছে। অন্যহাতে চাহ-বাগিচাখনৰ সংঘটিত এনে অমানবীয় ঘটনাকলৈ সচেতন লোকে উদ্বেগ প্ৰকাশ কৰিছে।