01/25/2022 - 18:00
in
জামুগুৰিহাটঃ তিনিটাকৈ ভ্ৰমনসূচী লৈ আজি শোনিতপুৰত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ৰাতিপুৱা ৰঙাপৰাৰ উৰনীয়া সেতুৰ শুভ উদ্বোধন কৰে। মাঙ্গলীক অনুষ্ঠানৰ মাজেৰে ফিটা কাটি শুভ উদ্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে ৰঙাপৰাৱাসী ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলে বুলি দোহাৰে।
উল্লেখ্য যে ৰঙাপৰাৰ বিভিন্ন দল সংগঠনৰ লগতে ৰঙাপৰাবাসী ৰাইজে ৰে’লৱে ক্ৰচিঙৰ ওপৰত এখন উৰনীয়া সেতুৰ দাবী জনায় আহিছিল৷ ৮০৪ মিটাৰ দৈৰ্ঘ্যৰ উৰনীয়া সেতুৰ প্ৰায় ৫০৭ মিটাৰ দৈৰ্ঘ্যৰ সেতুৰ এটা অংশ শুভ উদ্বোধন কৰে আজি। আনহাতে তিনি কোটি টকাৰে নিৰ্মাণ হোৱা ৰঙাপৰা আবৰ্ত ভৱনৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে৷
ইয়াৰ পাছতে ৰঙাপৰা সমষ্টিৰ চাৰিদুৱাৰ বীৰ সৈনিক নৰেন্দ চন্দ্ৰ দাসৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী৷ কিছু সময় সৈনিক জনৰ বাসগৃহত উপস্থিত থাকি জীয়াভৰলী নদীৰ খনন কাৰ্যত অংশ গ্ৰহন কৰিলে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ উক্ত কাৰ্যসূচীত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, মন্ত্রী পিয়ুষ হাজৰিকা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী উপস্থিত থাকে।