01/25/2022 - 18:21
in
ধুবুৰীঃ অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰত আহত হোৱা নগাঁও জিলাৰ প্ৰাক্তন ছাত্র নেতা কীৰ্তি কমল বৰাৰ ন্যায় বিচাৰি আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে এই কাণ্ডৰ লগত জড়িত মূল আৰক্ষী বিষয়াক নিলম্বনৰ দাবী জনাই আজি দুপৰীয়া ধুবুৰী জিলা কংগ্ৰেছ ভৱনৰ সন্মুখত, ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয়। উক্ত কাৰ্য্যসূচীত ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হোছেন মণ্ডল, ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, কাজী মাহমুদুল হাচানৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বৱাব চৌধুৰীসহ শতাধিক কংগ্ৰেছ কৰ্মীসকলে অংশ কৰে।