01/26/2022 - 19:19
in
নিউজ ডেস্কঃ সুৰাপায়ীৰ বিৰুদ্ধে নৱবৰ্ষ, বিহুৰ সময়ত কঠোৰ হৈছিল চৰকাৰ তথা প্ৰশাসন৷ সেই সময়ত কঠোৰ হোৱাৰ চৰকাৰ প্ৰশাসনক প্ৰত্যাহ্বান জনাই এইবাৰ গণতন্ত্ৰ দিৱসৰ দিনটোৱেই বাছি ল’লে একাংশ সুৰাপায়ীয়ে৷
গণৰাজ্য দিৱস উপলক্ষে অসম-অৰুণাচল সীমান্তৰ ডিমৌৰ বনভোজস্থলীৰ সুৰা বিপণিত সুৰাপায়ীৰ অভাৱনীয় ভিৰে প্ৰতিফলিত কৰে সেই দৃশ্য৷ চৰকাৰী নীতি-নিৰ্দেশনাক কেৰেপ নকৰি দোকান খুলি সুৰা বিক্ৰী কৰা ব্যক্তিজনৰ বিৰুদ্ধে নামনি ছিয়াং জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষ্যণীয়!