01/29/2022 - 15:49
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বৃদ্ধি পাইছে ক’ৰণাৰ সংক্ৰমণ। উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বৃহত্তৰ জামুগুৰিহাট অঞ্চলত এতিয়ালৈকে ক’ৰণাৰ তৃতীয়টো ঢৌত ১৫৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ ক’ৰণাত মৃত্যু হৈছে।
জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত অৱস্থিত ইউ'কো বেংকৰ জামুগুৰিহাট শাখাৰ সকলো বিষয়া কৰ্মচাৰী ইতিমধ্যে কৰ'ণাত আক্ৰান্ত হোৱাত প্ৰশাসনে একসপ্তাহৰ বাবে বন্ধ কৰি দিছে বেংকৰ সকলো কাম-কাজ। যোৱা চাৰিদিন ধৰি ইউ'কো বেংকৰ জামুগুৰিহাট শাখা বন্ধ হৈ থকাৰ ফলত একপ্ৰকাৰ সমস্যাত পৰিছে বেংকৰ গ্ৰাহকসকলৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়ীসকলো।