সমাগত আলি-আয়ে-লৃগাং উৎসৱ, মিচিং জনগোষ্ঠীয় প্ৰতিজন লোক এতিয়া ব্যস্ত আলি-আয়ে-লৃগাঙৰ প্ৰস্তুতিত

 01/31/2022 - 16:54
 
 
 
 
 
গোলাঘাটঃ সমাগত মিচিং জনগোষ্ঠীয় লোকসকলৰ প্ৰাণস্বৰূপ আলি-আয়ে-লৃগাং উৎসৱ। মিচিং জনগোষ্ঠীয় প্ৰতিজন লোক এতিয়া ব্যস্ত আলি-আয়ে-লৃগাঙৰ প্ৰস্তুতি। নুমলীগড়ৰ কাষৰীয়া নামতেমেৰাত এতিয়া সকলো ব্যস্ত সমূহীয়া আলি-আয়ে-লৃগাঙৰ প্ৰস্তুতিত। মিচিং জনগোষ্ঠীয় লোকসকলৰ প্ৰাণস্বৰূপ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙলৈ মাজত মাত্ৰ কেইটামান দিন। ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিব আলি-আয়ে-লৃগাং। যাৰ বাবে এতিয়া আলি-আয়ে-লৃগাঙৰ অবিচ্ছেদ্য অংগ পৰম্পৰাগত পানীয় "পৰ আপং" অৰ্থাৎ ছাই মদ বনোৱাত ব্যস্ত হৈ পৰিছে তেওঁলোক। নামতেমেৰা ৰাজহুৱা খেলপথাৰত সমূহীয়াকৈ উদযাপন কৰিব আলি-আয়ে-লৃগাং। যাৰ বাবে এতিয়া প্ৰস্তুতি চলাইছে ৰাইজে।সমূহীয়া আলি আই লৃগাঙৰ বাবে চাৰি(৪) কুইণ্টল চাউলৰ পৰ "আপং বা ছাই মদ" প্ৰস্তুত কৰিছে ৰাইজে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।