তেজপুৰৰ 'কলাগুৰু সমন্বয় ক্ষেত্ৰ'ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৩ সংখ্যক জন্মজয়ন্তী উদযাপন

 01/31/2022 - 17:26
 
 
জামুগুৰিহাটঃ আজি কলাগুৰুৰ জন্মজয়ন্তীৰ পবিত্ৰ তিথিত সাংস্কৃতিক নগৰী তেজপুৰৰ কলাগুৰু 'সমন্বয় ক্ষেত্ৰ'ত গীত-কবিতাৰ বৰ্ণিল মুহূৰ্তই জীপাল কৰি তুলিছে। ৰাভাদেৱৰ জ্যেষ্ঠ পুত্ৰ, তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পৃথ্বিৰাজ ৰাভা ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি। সমন্বয়ক্ষেত্ৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ১১৩ সংখ্যাক ওপজা দিনটোক ৰোমন্থন কৰে। তেজপুৰত কলাগুৰুৰ নামত সংগ্ৰাহলয় আৰু কলাক্ষেত্ৰ নিমাৰ্ণৰ ব্যৱস্থা কৰা হব বুলি তেওঁৰ পুত্ৰ তথা বিধায়ক পৃথ্বীৰাজ ৰাভাই উপহাৰ দিয়া বুলি মহান দিনটোত মন্তব্য প্ৰকাশ কৰিছে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।