মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযান, কয়লা ভৰ্তি মেক্স গাড়ীসহ ৮ জনক আটক

 02/03/2022 - 19:27
 
 
 
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰীৰ অঞ্চলত চোৰাং কয়লাৰ বিৰুদ্ধ আৰক্ষীৰ অতৰ্কিত অভিযান। এই অভিযানত তিনিখন মেক্স গাড়ী কয়লাসহ জব্দ কৰাৰ লগতে ৮ জনক আটক কৰে। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত এটি আৰক্ষী দলে নামদং কলিয়ৰি অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান চলাই AS23 CC3493 AS23 AC 9715আৰু AS23CC 4192 নম্বৰৰ তিনিখন কয়লাভৰ্তি মেক্স জব্দ কৰে আৰু এই সংক্ৰান্তত ৮ জনক আটক কৰে।
 
আৰক্ষীয়ে নামদাং বনাঞ্চলৰ দুৰ্গম অঞ্চলত অবৈধভাৱে কয়লাখনন কৰাৰ বাবে চোৰাং ব্যৱসায়ীয়ে গঢ়ি তোলা আণ্ডাৰ গ্ৰাউণ্ড মাইনিংবোৰো ধ্বংশ কৰে। আৰক্ষী এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কয়লা চোৰ জনৈক পাপু-বিতু আৰু জনৈক মিন্তুৱে উক্ত অঞ্চলত অবৈধভাৱে এই চোৰাং কয়লাৰ বেহা দীৰ্ঘদিন ধৰি চলাই আহিছিল। অধিক তথ্যৰ বাবে মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।