02/04/2022 - 12:58
in
ধুবুৰীঃ শিক্ষাৰ্থীৰ সমান্তৰালকৈ ব্যস্ততাৰ অন্ত নাই প্ৰতিমা কাৰখানাৰ মৃন্ময় শিল্পীসকলৰ মাজত। এই দৃশ্য ধুবুৰীৰ বিভিন্ন প্ৰতিমা কাৰখানাৰ। কাইলৈ সৰস্বতী পূজা। সেয়ে দেৱী সৰস্বতীৰ প্ৰতিমাত অন্তিম পৰশ দিয়াৰ বাবে দিনে নিশাই এইদৰে ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পী সকল।
ক’ভিড কালৰ দুটা বছৰ অন্তত এইবাৰ বিনা এছ ও পিত সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ অনুমতি দিছে চৰকাৰে। ফলত এফালে যদি আনন্দিত শিক্ষাৰ্থী। আনফালে মূৰে কপালে হাত দিছে মৃন্ময় শিল্পীসকলে। কাৰণ পূৰ্বৰ দৰে চাহিদা নাই গ্ৰাহকৰ। তাৰোপৰি বিভিন্ন সামগ্ৰীৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি ঘটাৰ সময়তে প্ৰতিমাৰ মূল্যবৃদ্ধি ঘটা নাই বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে শিল্পীসকলে। ইপিনে ক’ভিড সংকটৰ সময়তো চৰকাৰে এইসকল মৃন্ময় শিল্পীসকলক সহায় নকৰা বিষয়টোলৈ তীব্র ক্ষোভ প্ৰকাশ কৰে ধুবুৰীৰ মৃন্ময় শিল্পীসকলে।