বিশ্বনাথ সদৰ আৰক্ষীৰ অভিযানত ২০ টাকৈ চোৰাং গৰু জব্দ

 02/07/2022 - 15:18
 
 
বিশ্বনাথঃ বিশ্বনাথ সদৰ আৰক্ষীৰ অভিযানত পুৱতি নিশা জব্দ বিশটাকৈ বলধ। জোনাইৰ পৰা খাৰুপেটিয়ালৈ লৈ গৈ থকা অবস্থাত বিশ্বনাথ সদৰ আৰক্ষীৰ দলটোয়ে জব্দ কৰিবলৈ সক্ষম হয় গৰুভৰ্তি ট্ৰাক। কিছুদিন পূৰ্বেও বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত অভিযান চলাই বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতে ধৰিবলৈ সক্ষম হৈছিল একেলগে প্ৰায় ৬০ টা গৰু। নথি পত্ৰ অবিহনে গৰুসমূহ লক্ষীমপুৰ দিশৰ পৰা নগাঁও দিশে লৈ গৈ থকা অৱস্থাত জব্দ কৰিছিল গোধন ভৰ্তি দুখন ট্ৰাক।
 
পুনৰ আজি পুৱতি নিশা গোপন সূত্ৰৰ তথ্য লাভ কৰি বিশ্বনাথ সদৰ আৰক্ষী থানাৰ সন্মূখতে গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। কোনো ধৰণৰ তথ্য পাতি নথকাকৈ জোনাইৰ পৰা খাৰুপেটিয়ালৈ এই বিশটা গৰু লৈ গৈ আছিল ট্ৰাক চালক জুবেদ আলিয়ে। ইতিমধ্যে বিশ্বনাথ সদৰ আৰক্ষীয়ে ট্ৰাক চালক জুবেদ আলিক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। ইফালে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যি সময়ত এনে অবৈধ কাৰ্যৰ বিৰুদ্ধে চৰকাৰ অথবা আৰক্ষী প্ৰশাসনে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। সেই সময়তো গৰুৰ এই অবৈধ ব্যৱসায়ীয়ে জোনাইৰ পৰা বিশ্বনাথলৈকে অবৈধভাবে ট্ৰাকত গৰু ভৰাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে কেনেকৈ আহিব পাৰিলে। নে কোনো আৰক্ষী বিষয়াও এই কাণ্ডত জড়িত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।