02/07/2022 - 15:25
in
কামপুৰঃ মুম্বাইৰ ব্ৰিছকেন্দি হাস্পতালত ৯২বছৰ বয়সত দেওবাৰে মহাপ্ৰয়াণ ঘটা ভাৰতৰত্ন কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে৷ শিল্পী গৰাকীৰ মৃত্যুৰ খবৰে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ততো শোকৰ বন্যা বোৱাইছে৷ বিভিন্ন প্ৰান্তৰ লগতে অসমতো শোকৰ ছাঁ পৰিছে আৰু বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰাৰ সমান্তৰালকে কামপুৰতো লতাজীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰা হয়৷
আজি কামপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ভাৰত ৰত্ন গৰাকীৰ সোঁৱৰণত শ্ৰদ্ধা নিবেদন কৰে। কামপুৰ মহাবিদ্যায়ত গভীৰ শোক প্ৰকাশ কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই। মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ অসিম বৰাৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰী আৰু প্ৰৱক্তাসকলে মৌন প্ৰাৰ্থনা কৰাৰ লগতে এখন শোক সভাও অনুষ্ঠিত কৰে। ইফালে কামপুৰৰ সকলো চৰকাৰী অনুষ্ঠান সমূহৰ লগতে শিক্ষানুষ্ঠান সমূহত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি শোক পালন কৰে।