গুৱাহাটীঃ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ, বাৰ্ষিক সাধাৰণ সভা ২০১৯ বৰ্ষৰ আয়োজনৰ প্ৰস্তুতি চলাই থকা হৈছে। বিগত বছৰৰ দৰে এই বেলিও শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ সভাখন অহা ১৬ জুনত অনুষ্ঠিত কৰা হ’ব। ৰাজ্যিক সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনোৱা মতে এইবাৰৰ সাধাৰণ সভাখন ১৬ জুন ৰবিবাৰে দিনৰ দহ বজাৰ পৰা নলবাৰী চাৰ্কিট হাউচ পথত অৱস্থিত শংকৰদেৱ শিশু আৰু দেৱেন্দ্ৰ চন্দ্ৰ প্ৰভা বিদ্যা নিকেতনত অনুষ্ঠিত হ’ব।
বাৰ্ষিক সাধাৰণ সভাখনত সদস্যসকল মিলিত হৈ যোৱা বছৰৰ কাৰ্যৰ সমীক্ষা, গঠনমূলক পৰামৰ্শ, আগন্তুক বৰ্ষৰ বাবে যোজনা প্ৰস্তুত কৰিব। সাধাৰণ সভাৰ বাবে অপেক্ষিত সকলো পূৰ্ণকালীন কৰ্মকৰ্তা আৰু সকলো সংকুল প্ৰমূখ লগতে সাধাৰণ সভাৰ সকলো সদস্য উপস্থিতি কামনা কৰা হৈছে। সবিশেষ জানিবলৈ সদস্যসকলক শান্তিৰাম ঠাকুৰীয়া কাৰ্যালয় সচিব, ৮৬৩৮১৯৪৬৬৭, সহ সচিব মাধৱ কলিতা ৯৮৫৯৫৪৩২৪৬ অথবা প্ৰধান আচাৰ্য ভৱেশ গোস্বামী ৯৭০৬৮৮৬৫৮১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷