ঢকুৱাখনাঃ এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্ত্তক, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি তথা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ বিশ্বতে মানৱৰ অন্তৰত আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি অস্পৃশ্যহীন বৰ্ণ বৈষম্য দূৰ কৰি বৃহত্তৰ মানৱ সমাজ গঢ়িবলৈ যি অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল তাৰে ফলস্বৰূপে গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা উদ্দেশ্য শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
ৰাজ্যজুৰি বিভিন্ন স্থানৰ দৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱভাগি ঢকুৱাখনাৰ মৰনৈ চাপৰি প্ৰাথমিক শাখাত শ্ৰীমন্ত শংকৰ মাধৱ আঞ্চলিক শাখাৰ সৌজন্যত জুন মাহৰ ৫ আৰু ৬ তাৰিখে দুদিনীয়াকৈ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। প্ৰথমদিনা বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কৰে বেন্দ্ৰনাথ চুতীয়া আৰু অমূল্য কুম্বাঙে।
আদৰণি তোৰণৰ দ্বাৰ উন্মোচন কৰে মৰনৈ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ কামানে। শৰাই প্ৰতিষ্ঠা ৰত্ন চুতীয়াই কৰা পিছতে নামাচাৰ্য কৰে ৰতন খনিকৰে। ঢকুৱাখনা জিলা শাখাৰ শৰাণাচাৰ্য থানেশ্বৰ বৰাই দিয়া শৰণ শিবিৰত বিভিন্ন অঞ্চলৰ পৰা অহা ৮৭ গৰাকীয়ে অংশগ্ৰহণ কৰে। কবিতা, কুইজ, বৰগীত, সত্ৰীয়া নৃত্য, দশৱৰ্তাৰ নৃত্য, কৃষ্ণ নৃত্য অনুষ্ঠিত হয়।
নিশালৈ যুৱ সমাৰোহখনি উদ্ধোধনী ভাষণ দিয়ে পলাশ চুতীয়াই। জীৱন চুতীয়াই সঞ্চালনা কৰা সভাখনত কেইবাগৰাকী অতিথি, নিদিষ্ট বক্তা, বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে। আজি অনুৰূপ ধৰণে কালিৰ দৰে অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া ১ বজাৰ পৰা মূল ধৰ্মালোচনী সভা আয়োজন হয়। উক্ত সভাখনত কেইবাগৰাকী অতিথি, নিদিষ্ট বক্তা, বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে।