02/09/2022 - 13:58
in
ৰঙিয়াঃ ৰঙিয়াত ক্ৰিকেটাৰৰ ৰূপত দেখা পোৱা গ’ল বিধায়ক দিগন্ত কলিতাৰ। কমলপুৰ সমষ্টিৰ অন্তগত ৰঙিয়া ৮ নং ওৱাৰ্ডত চানলাইট ক্লাবে অনুষ্ঠিত কৰা এখন ক্ৰিকেট খেলত উপস্থিত থাকে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা। স্বৰ্গীয় খলিল খাঁন আৰু আবেজন বেগমৰ সোঁৱৰণত আয়োজন কৰা খেলখনত উপস্থিত থাকে বিধায়ক গৰাকী।
চূড়ান্ত খেলখনত উপস্থিত থাকি বাওঁহতিয়া বেটিং কৰি বিধায়ক গৰাকীয়ে উপস্থিত দৰ্শকক আমোদ দিয়ে। ক্ৰিকেট প্ৰতিযোগিতাখনত উপস্থিত থাকি বিধায়ক গৰাকীয়ে খেলুৱৈ সকলৰ লগত চিনাকি হয়। উপস্থিত দৰ্শক সকলক উদ্দেশ্যে ভাষণ ৰাখি বিধায়ক গৰাকীয়ে কয় যে ক্ৰীড়াই সমাজত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই। গ্ৰাম্য অঞ্চলৰ এনেধৰণৰ খেল সমুহৰ পৰাই একো একোজন প্ৰতিভাবান খেলুৱৈৰ সৃষ্টি হ’ব বুলি কয়।