ইউনিফৰ্মক সন্মান কৰা উচিত, বাহিৰত যি ইচ্ছা তাকে পিন্ধক- হেমা মালিনী

 02/10/2022 - 13:26
 
 
 
 
নিউজ ডেস্কঃ হিজাব পৰিহিত মুছলমান ছাত্ৰীৰ শিক্ষানুষ্ঠানত প্ৰৱেশত বাধা দিয়াক কেন্দ্ৰ কৰি ৰাজ্যখনত মুছলমান আৰু হিন্দু শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে সংঘাতৰ। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ ৩ দিনৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হৈছে। কৰ্ণাটকৰ এখন বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বিবাদক লৈ শেহতীয়াকৈ আন ৰাজ্যসমূহতো সৃষ্টি হৈছে সংঘাতৰ৷
 
অভিনেত্ৰী তথা বিজেপি সাংসদ হেমা মালিনীয়ে কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হেমা মালিনীয়ে কয় যে “প্ৰতিখন বিদ্যালয়ৰ এযোৰ ইউনিফৰ্ম থাকে, সেয়া আমি সন্মান কৰা উচিত। আপুনি বিদ্যালয়ৰ বাহিৰত যি ইচ্ছা তাকে পিন্ধিব পাৰে। বিদ্যালয়সমূহ শিক্ষাৰ বাবেহে, তাত ধৰ্মীয় বিষয়বোৰে স্থান পোৱাতো উচিত নহয়।”
 
একে সময়তে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়েও এই বিতৰ্কক সমালোচনা কৰি কয় যে “যিকোনো প্ৰতিষ্ঠানৰ পোছাক বিধি, অনুশাসন আৰু মৰ্যাদা বজাই ৰখাৰ সিদ্ধান্তক সাম্প্ৰদায়িক ৰং দিয়াটো ভাৰতৰ সামগ্ৰিক সংস্কৃতিৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। সংখ্যালঘু সমাজৰ দেশৰ সকলো প্ৰতিষ্ঠান আৰু সুবিধাৰ ওপৰত সমান অধিকাৰ আছে।”
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।